Show/Hide Keyboard Layout

যদি মই প্ৰশ্ন কৰোঁ

- জিতু শৰ্মা

যদি কাহানিবা সুৰবোৰ শেষ হয়

এই সৃষ্টিৰ দুপৰ বেলাত

হে সুৰকাৰ কিহেৰে সজাবা ?

পৃথিৱীৰ সুৰৰ মেলা

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ ।

 

যদি কেতিয়াবা ভাষাবোৰ শেষ হয়

নাও মেলোঁতেই ভাব সাগৰত

হে কবি তুমি কিহেৰে পূজিবা ?

কবিতাৰ আলিক মৰতত

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ ।

 

আৰু যদি দেখা ৰঙবোৰ শেষ হয়

আধা আঁকোতেই ছবি খনি

হে শিল্পী কিদৰে আঁকিবা ?

আধা অঁকা ছবি খনি

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ ।

 

যদি ভাষাবোৰ নিৰাশাত লীন হয়

জীৱনৰ প্ৰথম পুৱাতেই

আৰু ধুমুহাৰ বৃষ্টিত শেষ হয়

ফুল পাহি আধা ফুলোতেই 

হে বন্ধু পাৰিবা জানো ?

বাধা দিব সৃষ্টি নাশিনীক

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ ।

Hits: 1166